Thursday, November 28, 2019

ডাইনাচৰৰ মুখৰ জুই....


স্বাগতম সময় যাত্ৰী! এটা কথা কল্পনা কৰিব পাৰিবানে যে আপোনি বাস কৰি অহা ঠাইখিনি আজিৰ পৰা কোটি কোটি বছৰ আগতে কেনেকোৱা আছিল? আপোনাৰ ঠিকনা, আপোনাৰ থকা ঘৰৰ ঠাইখিনি কেনেকোৱা দেখা আছিল কোটি বছৰ আগতে?টেক্টনিক প্লেটৰ বিষয়ে নিশ্চয় শুনিছা!আপোনাৰ হাতৰ নখ যিমান দ্ৰুতিত বাঢ়ে, সেই দ্ৰুতিৰেই এই টেক্টনিক প্লেটবোৰৰ গতি সলনি হয় , অৰ্থাৎ টেক্টনিক প্লেটবোৰৰ স্হান আৰু আকাৰ সলনি হৈ থাকে| ইয়াৰ অৰ্থ এয়াই যে আজিৰ ভাৰতবৰ্ষৰ আকাৰ কোটি বছৰ আগতে ডাইনাচৰৰ যুগত বেলেগ আকাৰত আছিল | এতিয়া আপোনি কল্পনা কৰক আজি যদি অসমত আছা, তেনেহলে ডাইনাচৰৰ যুগত অসম ক'ত আছিল?
Image Source: apollo.Isc.vsc.edu

ইয়াৰ বাবে এটা বোৰ ৰচক ৱেবচাইট (Here)আছে , যিয়ে কোটি বছৰ আগত টেক্টনিক প্লেটবিলাকৰ ঠাই ক'ত আছিল সেয়া অধ্যয়ন কৰে আৰু কোটি বছৰ আগতে আপোনাৰ আজিৰ ঠিকনা ক'ত আছিল সেয়া বিচাৰি উলিয়ায় |ইয়াৰ বাবে আপোনি ঠাইৰ নাম লিখি দিলেই হ'ল |এই ৱেবচাইতৰ জৰিয়তে কেৱল নিজৰ ঠিকনাই নহয়, সেই সময়চোৱাত যদি ডাইনাচৰ আছিল তেনেহ'লে কোন ঠাইত কি ডাইনাচৰ পোৱা গৈছিল সেয়াও জানিব পাৰিব | ইয়াৰ উপৰি সেই সময়ৰ প্ৰত্যক তথ্য জানিব পাৰিব |
      যিহেতু আমি ইয়াত ডাইনাচৰৰ বিষয়ে জানিবলৈহে এক কোটি ৭০ লাখ বছৰ পিছুৱাই গৈছো গতিকে নিশ্চয় ডাইনাচৰৰ বিষয়েহে ইয়াত আমি আলোচনা কৰিম | সৰুৰে পৰা আমি কাৰ্টুন, কমিক কিতাপ অথবা ফিল্মত দেখিব পাই আহিছো যে কিছুমান ডাইনাচৰে মুখৰ পৰা জুই উলিয়াব পাৰিছিল |মানে এইটো কেনেকৈ সম্ভৱ কেতিয়াবা ভাবিছানে?ডাইনাচৰৰ মুখ কিয় পুৰি যোৱা নাছিল? ২০০২ চনৰ Journal of Forensic  scienceৰ Researchৰ মতে মানুহৰ দাত ২০০℃ৰ পৰা ৪০০℃ৰ ভিতৰৰ তাপত ভাঙি যায় আৰু ১০০০℃মানত পুৰি ছাই হৈ যায় | ডাইনাচৰে জুই পেটৰ ভিতৰৰ পৰাই উলিয়াইছিল , ডাইনাচৰৰ পেট আৰু ডিঙি Fireproofআছিল নেকি? কিন্তু এনে ধাৰনাই সেয়া জীৱৰ জীৱনশৈলীৰ বিৰুদ্ধাচৰণ কৰে , তেনেহলে কিয় সিহতৰ পেট , ডিঙি আৰু মুখ পুৰি যোৱা নাছিল? ইয়াৰ উত্তৰ নিশ্চয় আমাৰ হাতত আছে | সেয়া হ'ল মিথেন গেছ| পৃথিৱীত বাসকৰা প্ৰায়ভাগ জীৱই মিথেন গেছ পেটৰ ভিতৰৰ পৰা বাহিৰ কৰে, মনত ৰাখিব মুখেৰে বাহিৰ নকৰে |মিথেন গেছ এবিধ প্ৰজ্বলক পদাৰ্থ , গতিকে আমি এয়া ধৰি ল'ব পাৰো যে ডাইনাচৰে মিথেন গেছ মুখেৰেও উলিয়াব পাৰিছিল ,তাকো জুই হিচাপে|কিন্তু ইয়াতো এটা আসোৱাহ আহি পৰে, সেয়া হ'ল মিথেন গেছয়ে বহুত পৰিমানৰ তাপ উৎপন্ন কৰে ,এই পৰিমান ২০০০℃ ৰ আশে পাশে থাকে | এয়া এক ব্যতিক্ৰম হৈ পৰে ,মানুহৰ শৰীৰ ১০০০℃ তেই নিমিষতে পুৰি ছাৰ-খাৰ হৈ যায় |ইয়াৰপোৰি উতলি থকা লাভা (Lava-Volcanoes) ৰ তাপমান ৭০০℃ৰ পৰা ১২০০℃তেই সীমীত |তেনেহলে এয়া কেনেকৈ সম্ভৱ যে ডাইনাচৰৰ মুখখন তেতিয়াও পুৰি যোৱা নাছিল প্ৰধানত ডাইনাচৰৰ দাত,দাতৰ কথা এইবাবেই কোৱা হৈছে যে  মিথেন গেছ জুই হৈ দাতৰ মাজেৰে পাৰ হৈ আহিছিল |ইয়াৰ বাবে আমাৰ হাতত আৰু এটা শেষ Theory আছে |

     মানুহৰ মুখত গোতেই জীৱন মাত্ৰ দুবাৰ দাত গজে| প্ৰথমবাৰ ২০টা দাত যাক আমি গাখীৰ খোৱা দাত বুলি কও আৰু শেষবাৰৰ বাবে ৩২টা দাত | এই ৩২টা দাতৰ মাজৰ পৰা কিবা কাৰণবশত এটা দাত সৰিলে আৰু সেই দাত কেতিয়াও নগজে |কিন্তু সাপজাতীয় জীৱ আৰু মাছৰ ক্ষেত্ৰত যিমানবাৰ দাত সৰি নাযাওক কিয় নতুন দাত গজিবই |সেয়েহে আমি ধৰি ল'ব পাৰো যে ডাইনাচৰৰ দাত যিমানবাৰেই সৰি নাযাওক কিয় পুনৰ নতুন দাত গজিছিল |এবাৰ কল্পনা কৰা সেই দৃশ্য কেনেকোৱা হৈছিল!!মানুহৰতো ৩২টা মাত্ৰই দাত থাকে, বহুবিধ ডাইনাচৰৰ ৯০০ৰো অধিক দাত গজিছিল যেনে Hadrosaur নামৰ ডাইনাচৰৰ ৯৬০ৰো অধিক দাত গজিছিল |যিমান ক্ষতি চকুৰে চাই ডাইনাচৰে কৰিছিল তাতকৈ অধিক ক্ষতি তাৰ দাতৰ ক্ষয় হোৱাৰ ফলতেই হৈছিল হয়তো ...|
হেল্ল সময় যাত্ৰী এয়া আপোনাৰ বাবে আজিৰ দিনতলৈ ঘুৰি অহাৰ সময় হ'ল , জুৰাচিক জগতৰ ৰচক তথ্যবোৰ এক প্ৰকাৰৰ কল্পনাহে মাথোন অৰ্থাৎ ইয়াৰ সত্যতা বৰ্তমানৰ পৃথিবীৰ পৰিবেশৰ লগত তুলনা কৰি কৰা কল্পনাহে মাত্ৰ , এয়া ১০০ শতাংশ সত্য নহ'বও পাৰে |

 ধন্যবাদ |