Friday, November 29, 2019

জেইলত কিতাপ লিখা আৰু চবি অকা কয়দীজনৰ কথাৰে....

নমস্কাৰ সময় যাত্ৰী, কেতিয়াবা এনে মানুহৰ নাম শুনিছানে যি অতি ভয়ানক আৰু ইমানেই আক্ৰমনাত্মক আছিল যে ৪০বছৰ পৰ্যন্ত জেইলত থাকিবলগীয়া হৈছিল |কিন্তু ব্যতিক্ৰম ইয়াতেই আহি পৰে | জেইলত থকাৰ সময়ত সেইজন ব্যক্তিয়ে এনেকোৱা কিছুমান কাম কৰিছিল যিয়ে সকলোকে আচৰিতয়েই নহয় আবাক কৰি পেলাইছিল | সেইজন কয়দী জেইলত থাকিয়ে ইমান শাৰীৰীক অনুশীলন (workout) কৰিছিল যে তেও নিজেই ব্যায়াম সম্বন্ধীয় বহুকেইখন কিতাপ লিখি উলিয়াইছিল আৰু তাতকৈ আচ্চৰ্যকৰ বিষয়টো হৈছে তেও নিজক এজন চিত্ৰশিল্পীৰূপে প্ৰতিস্হাপিত কৰিছিল আৰু লাখ টকা অৰ্জন কৰিব সক্ষম হৈছিল|সেইজন ব্যক্তি আচলতে ভাল আছিল নে বেয়া আছিল সেই বিষয়ত নিশ্চয় আপনিও আবদ্ধ হ'ব..|

ইয়াৰ বাবে নিশ্চয় শব্দৰ গাঠনিত টাইম মেচিনৰ গতি পিছুৱাই নিব লাগিব ৬ডিচেম্বৰ, ১৯৫২ লৈ | অইন শিশুৰ দৰেই সাধাৰণভাবে তেওৰ জন্ম হৈছিল সেই দিনাখন ইংলেন্ডৰ লুটন'ট হৈছিল |তেওৰ নাম মাইকেল গৰ্ডন পিটাৰচন আছিল যিয়ে পিছলৈ নিজৰ নামটো চাৰ্লছ ব্ৰন্জচন আৰু চাৰ্লচ চেলভাদৰ নামলৈ সলনি কৰে |সৰুতে চাৰ্লচ বোৰ সৰল আৰু সহায়-সুলভ স্বভাৱৰ আছিল আৰু কোনোবাই কাজিয়া কৰিলে নিজে মাজত আহি ভালৰ পক্ষ লৈছিল | কিন্তু ১৩ বছৰ বয়সত যেতিয়া উত্তৰ-ইংলেন্ডলৈ গৈছিল তেতিয়া কেইজনমান বন্ধুৰ লগত লগ লাগি এটা গেং (gang) খুলিছিল , এবাৰ গেংৰ চাৰিজন সদস্যৰ সৈতে নগৰৰ এটা শ্বপিং মল'ত চুৰ কৰি ধৰা পৰিছিল |কিন্তু যিহেতু তেওৰ বয়স বহুত কম আছিল সেয়েহে তেওক আৰু তেওৰ লগৰবোৰক সাধাৰণ শাস্তি দি এৰি দিছিল |বহু কম বয়সতে বিদ্যালয় এৰি কাম কৰিব আৰম্ভ কৰিছিল আৰু এবাৰ সাধাৰণ মানুহৰ দৰেই লুটন চহৰৰ চুপাৰ-মাৰ্কেট এখনত কীম আৰম্ভ কৰিছিল |কিন্তু দুইসপ্তাহমান কাম কৰাৰ পিছত সি নিজৰ মেনেজাৰজনকেই বেয়াকৈ মাৰিছিল | তাৰ পিছতেই আৰম্ভ হৈছিল তেওৰ হিংসাত্মক জীৱনৰ আৰম্ভনী| তেওক যতে ততে পাৰ্ক কৰা গাড়ী ভঙাৰ বাবে দৰমহা দি ৰখা হৈছিল| এবাৰ তেও ট্ৰাক চুৰ কৰি নিজৰ শত্ৰুৰ প্ৰতিশোধ লবলৈ ট্ৰাকখন চাৰিচকীয়া সৰু বাহনৰ ওপৰেদি চলাইছিল আৰু ১৫০কিলোমিটাৰ দুৰৰ নিজৰ মাক-দেউতাকৰ ঘৰলৈ পলাই গৈছিল কিন্তু তাতো তেও ধৰা পৰিছিল | ভাগ্যবশত: চাৰিচৰীয়া বাহনত থকা ব্যক্তিজন বাচি আছিল আৰু সেয়েহে চাৰ্লচকো জেইলৰ বেছিদিন নাৰাখিলে |ইয়াৰ পিছতো তেওৰ স্বভাৱত কোনো পৰিবৰ্তন নাহিল আৰু এটা ফেক্টৰিত কাম কৰি গোতেই ৰাতিটো নিচাজাতীয় বস্তু খাই কাজিয়া কৰা তেওৰ জীৱনৰ অংশ হৈ পৰিছিল | ১৯৬৯চনত এবাৰ তেও পুনৰ জেইলত সোমাবলগীয়া হৈছিল কাৰণ তেও চাৰিচকীয়া বহন এখন দোকানত সোমাই দি দোকান ভাঙি ডকাইতি কৰিছিল | ১৯৭২চনত তেও বিবাহ কৰিছিল আৰু এজন সন্তানৰ পিতৃ হৈছিল | ১৯৭৪ চনত পুনৰ তেও বন্ধুক লৈ এখন দকানত ডকাইটি কৰিছিল যাৰ শাস্তিৰূপে তেওক সাত বছৰৰ কাৰাদন্দ বিহিছিল | ইয়াতেই তেও নিজৰ নাম মাইকেলৰ পৰা চাৰ্লচ ব্ৰন্জচনলৈ পৰিবৰ্তন কৰে যি আগতকৈ অধিক ভয়ানক আছিল | জেইলত থাকোতে তেও আন দুজন কয়দীক বিনা দোষে বেয়াকৈ মাৰিছিল আৰু আন জেইললৈ পঠিওৱাৰ পিছতো তেও গাৰ্ড আৰু লগত ৰখা কয়দীবোৰক বেয়াকৈ মাৰিছিল |
কেতিয়াবা কোনো কাৰণ নথকাকৈ চৰকাৰী সম্পত্তিবোৰ নষ্ট কৰিছিল আৰু কেতিয়াবা লগৰ কয়দীৰ ডিঙিত বন্ধুক ৰাখি জেইলৰ পৰা পলাবলৈ চেষ্টা কৰিছিল আৰু কেতিয়া অনশনত বহি নিজকেই জেইলৰ পৰা বাহিৰত উলিয়াব চেষ্টা কৰিছিল | এবাৰ তেও আন কয়দীক বিষ সুৱাবলৈও চেষ্টা কৰিছিল আৰু কাজিয়া কৰাৰ আগতে খাবলৈ দিয়া ঘিউ গাত লগাই লৈছিল যাতে গাৰ্ডবোৰে তেওক ৰখাব নোৱাৰে |তেওৰ এনে বিকৃত চৰিত্ৰত অতিষ্ঠিত হৈ তেওৰ ঘৈনীয়েকজনেও বিচ্ছেদ কৰিছিল |পিছত তেওৰ চৰিত্ৰত থাকিব নোৱাৰি গাৰ্ডবোৰে পাগল হস্পিতালত ভৰ্তিও কৰাইছিল আৰু পিছত অকলশৰীয়া জেইলত থৈ দিছিল | অকলশৰীয়া জেইলত থাকি কাৰো লগতো কাজিয়া কৰিবো নপোৱাত তেও শাৰীৰীক ব্যায়াম কৰিবলৈ আৰম্ভ কৰিছিল, তেও ইমানেই অনুশীলন কৰিছিল যে কেইটামান বিশ্বৰেকৰ্ড তেও নিজৰ নামত কৰি লৈছিল | তাৰ ভিতৰত অন্যতম আছিল ১৭২৭ বাৰ push-ups এক ঘন্টাৰ ভিতৰত কৰা আৰু জেইলৰ ষ্টিল বাৰ নিজৰ বলেৰে বেকা কৰিব পৰাটো | ২০১৪চনত ৬২বছৰ বয়সটো ১২জন গাৰ্ডক একেলগে আক্ৰমন কৰাটো আছিল এটা আচৰিত ঘটনা য'ত ১২জন গাৰ্ডয়েও তেওক ৰাখিব পৰা নাছিল |জেইলত থতা সময়ত এখন কিতাপও লিখিছিল যিখন কিতাপৰ নাম আছিল The Solitary Fitness

(Buy the book from flipkart) 
আপোনি বিশ্বাস নকৰিব যে এইখন কিতাপৰ১০লাখৰো অধিক কপি বিক্ৰি হৈছে , তেওৰ হিংসাত্মক স্বভাব এক প্ৰকাৰৰ ব্যৱসায়িক শক্তিলৈ পৰিণত হৈছিল |
তেও কিতাপখনৰ পৰা পোৱা কোটি টকা অনাথ আশ্ৰমত দান দিছিল অথছো এইজন ব্যক্তিয়েই লিখিছিল যে কোনো হিংসাক লৈ তেও ভয় নকৰে, হিংসাই তেওক হেনো অধিক শক্তিহে যোগায় | তেও জেইল আৰু মেন্টেল হস্পিটালৰ সময়খিনি এক পেইন্টিং হিচাপে আকি প্ৰদৰ্শন কৰি দেখাইছিল যাৰ বাবে তেও বহুতো এৱাৰ্ড আৰু ৪০হাজাৰ পাউন্ড টকা পাইছিল , যি তেও পুনৰ অনাথ আশ্ৰমত দান কৰি দিছিল | ২০১৪ চনৰ শেষ সময়চোৱাত তেও নিজকে নতুন চাৰ্লচ হিচাপে ঘোষনা কৰিছিল যাৰ মনত অলপো হিংসা নাই বুলি তেও নিজেই কৈছিল আৰু নিজকে চাৰ্লচ চেলভাদৰ নামেৰে নতুনকৈ পৰিচিত কৰিছিল যি এজন চিত্ৰশিল্প |তেওৰ জীৱনৰ আধাৰত ২০০৯চনত হলিউডত ব্ৰনচন (Bronson) নামেৰে এখন ফিল্ম উলিয়াইছিল |
   তেও ইমান হিংসাত্মক হোৱাৰ পিছতো নিজক কেতিয়াও দোষী বুলি মানি লোৱা নাছিল, তেও নিজৰ মতে তেও এজন বহুত ভাল মানুহ আছিল কিন্তু নিজৰ ওপৰতেই ভাৰসম্য হেৰুৱাইহে তেও তেনে কান্ড কৰিছিল , ইয়াৰ অৰ্থ এয়া নহয় যে তেও এজন বেয়া মানুহ | ২০১৮চনলৈ তেও জেইলতেই আছিল আৰু তেওৰ অন্তিম বিচাৰ ২০২০ত কৰা হ'ব |


এতিয়া সময় হ'ল আজিৰ যাত্ৰাৰ অন্ত কৰিবলৈ সময় যাত্ৰী! পিছলৈ আৰু লগ কৰিম |